বাকসা জিলা ন্যায়পালিকা

 

ইতিহাস

অসমৰ নতুনকৈ হোৱা ন্যায়িক জিলা বিলাকৰ ভিতৰত বাকসা জিলাও এখন । সন্মানীয় গৌহাটী উচ্চ ন্যায়ালয়ৰ সহমতিত মুছলপুৰত ৬ জানুৱাৰী ২০১৮ ৰ পৰা জিলা ন্যায়ালয়ৰ আৰম্ভনি কৰা হয়। বাকসা জিলাক ২০০৩ চনৰ অক্টোবৰ মাহত বি.টি.চি ৰ এখন জিলা হিচাপে গ্ৰহণ কৰা হৈছিল ।

৬ জানুৱাৰী ২০১৮ তাৰিখে মুছলপুৰ,বাকসা জিলাৰ নতুন ন্যায়ালয়ৰ ভৱনৰ উদ্বোধন কৰে সন্মানীয় ন্যায়াাধীশ অজিত সিং মুখ্য ন্যায়াধীশ,সন্মানীয় গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্ৱাৰা । ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত হৃষিকেশ ৰয় সন্মানীয় ন্যায়াধীশ,জজ-ইন-চার্জ ,গৌহাটী উচ্চ ন্যায়ালয়,আৰু মানজিৎ ভূয়াঁ সন্মানীয় ন্যায়াধীশ,গৌহাটী উচ্চ ন্যায়ালয়,পোর্টফোলিও-জজ বাকসা জিলা ন্যায়ালয়,উপস্থিত আছিল ।

বাকসা জিলা ন্যায়ালয়ৰ ভৱনত ৮ খন আদালত আছে । ক্রমান্বয়ে -

১.জিলা ও সত্র ন্যায়াধীশৰ আদালত ।

২.অতিৰিক্ত জিলা ও সত্র ন্যায়াধীশৰ আদালত ।

৩.দেৱানী ন্যায়াধীশৰ আদালত ।

৪.মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত ।

৫.অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত ।

৬.মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত ।

৭.মুন্সিফ আদালত ।

৮.প্রথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত ।